আহি আছে নতুন দৰমহা আয়োগ, অষ্টম দৰমহা আয়োগ

Image
                !!  অষ্টম দৰমহা আয়োগ  !!    !! চৰকাৰী কৰ্মচাৰীৰ বাবে এক ভাল খবৰ!!          !! আহি আছে নতুন দৰমহা আয়োগ !!            শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে, যাৰ ফলত ৪৯ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। বিশেষজ্ঞ সকলৰ মতে ফিটমেণ্ট ফেক্টৰ ২.৮৬ লৈ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত কৰ্মচাৰীৰ দৰমহা ১০%ৰ পৰা ৩০% বৃদ্ধি কৰাটো সম্ভৱ হৈ উঠিব। উদাহৰণস্বৰূপে, যদি কোনো কৰ্মচাৰীৰ বৰ্তমানৰ দৰমহা ১,০০,০০০  হয়, তেন্তে বৃদ্ধিৰ পিছত ই ১,৩০,০০০  হ’ব পাৰে ! ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ ফলত বিভিন্ন স্তৰৰ কৰ্মচাৰীৰ দৰমহাও বৃদ্ধি পাব। লেভেল-১ৰ কৰ্মচাৰীৰ বৰ্তমানৰ নূন্যতম দৰমহা ১৮,০০০ টকা ৰ পৰা ৫১,৪৮০ লৈ বৃদ্ধি পাব পাৰে, আনহাতে লেভেল-২ৰ কৰ্মচাৰীৰ দৰমহা ১৯,৯০০ ৰ পৰা ৫৬,৯১৪ লৈ বৃদ্ধি পাব পাৰে। একেদৰে লেভেল-৩ কৰ্মচাৰীৰ দৰমহা ২১,৭০০ ৰ পৰা ৬২,০৬২ লৈ বৃদ্ধি পাব পাৰে। এই বৃদ্ধিয়ে সকলো স্তৰৰ কৰ্মচাৰী...

লাখপতি বাইদেউ আঁচনি দ্বাৰা লাভালাভ



 আপোনালোকেও লাখপতি হ'ব বিচাৰে নেকি তেনেহলে লিখনি খিনি সম্পূৰ্ণকৈ পঢ়ক কাৰণ এতিয়া অসমৰ 40 লাখ পৰিয়াল লাখপতি হ'ব গৈ আছে । অসম চৰকাৰে মহিলা গোটৰ লাখপতি বাইদেউ আঁচনিৰ যোগেদি 40 লাখ মহিলাক লাখপতি বনাব গৈ আছে । এই আচঁনি আপুনি কেনেকৈ লাভ কৰিব লগতে কি কি নীতি নিৰ্দেশনা আছে , প্ৰ -পত্ৰ ক'ত পাব সেই বিষয়ে জানিব পাৰিব । এই আচঁনিয়ে গাঁৱৰ মহিলাসকলক 35 হাজাৰ টকা পৰ্যন্ত লাভ কৰিব আৰু এইবোৰ টকাৰে সৰু সৰু উদ্যোগ স্থাপন কৰি বা ব্যৱসায় কৰি গাৱৰ মহিলা সকলক যাতে স্বাৱলম্বী কৰি তুলিব পাৰি এই মহৎ উদ্দেশ্য আগত ৰাখিয়েই চৰকাৰে এই আচঁনি মহিলাসকললৈ আগবঢ়ায়ছে।।

    মহিলা গোটৰ সদস্য সকলক লাখপতি বনোৱাৰ উদ্দেশ্যৰে এই আচঁনিখনৰ নাম দিয়া হৈছে" লাখপতি বাইদেউ" ।।

     ৪০ লাখ গ্ৰাম্য মহিলা উদ্যোগীলৈ ৩৫ হাজাৰ টকাকৈ এখন চৰকাৰী জাননী প্ৰকাশ পাইছে । জাননী খনৰ মতে -----

 প্ৰয়োজনীয় অৰ্হতা:: 
* তিনিটাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ'ব (সাধাৰণ আৰু অ.বি.চি ৰ ক্ষেত্ৰত) ।
* চাৰিটাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ'ব (এছ.টি/ এছ.চি/মৰাণ/মটক/ চাহ জনগোষ্ঠী হিতাধীকাৰী ক্ষেত্ৰত) ।
* কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যাই বয়সপ্ৰাপ্ত কৰিলে সন্তানক বিদ্যালয়ত নামভৰ্তি কৰাটো বাঞ্ছনীয়।
* অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপন কৰা গছ পুলি সমূহৰ সুস্থ প্ৰতিপালনৰ নিশ্চিতকৰণ ।
* অনুদান প্ৰাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা ( চৰকাৰৰ দ্বাৰা প্ৰস্তুত আৰু সমৰ্থিত হ'ব লগা পৰিকল্পনা) দাখিল।

 আবেদনৰ প্ৰক্ৰিয়া::
* প্ৰ-পত্ৰ নিকটৱৰ্তী পঞ্চায়তৰ কাৰ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ ।
* প্ৰ-পত্ৰ কেৱল নিৰ্ধাৰিত তাৰিখত সংগ্ৰহ কৰিব লাগিব। কোনো ধৰণৰ ফটোষ্টেট ৰূপী গ্ৰহণ কৰা নহ'ব । 
* দুখন সংকল্প পত্ৰ দাখিল কৰক :: কন্যা সন্তান বিদ্যালয়ত নামভৰ্তিকৰণ আৰু উল্লেখিত ধৰণে নিৰ্ধাৰণ কৰা অনুসৰি সন্তান সীমিতকৰণ । 

 আঁচনিখনৰ লাভালাভ :: 
* প্ৰথম বছৰত যোগ্যতাৰ চৰ্ত পূৰণৰ বাবে প্ৰতিগৰাকী সদস্যাক ১০,০০০/" ( দহ হেজাৰ) টকাকৈ ।
* পৰৱৰ্তী ২ বছৰত চৰকাৰৰ পৰা ১২,৫০০/" টকা আৰু বেংকৰ পৰা ১২,৫০০/" টকা মুঠ ২৫,০০০/" টকা । 
* বেংকৰ ঋণ পৰিশোধ কৰাতো প্ৰয়োজনীয় আৰু আনহাতে চৰকাৰ প্ৰদত্ত সমৰ্থন ৰাশি অপৰিশোধযোগ্য ।
* ৩ বছৰৰ সময়সীমাত প্ৰতিগৰাকী যোগ্য মহিলালৈ ৩৫ হাজাৰ টকাকৈ প্ৰদানেৰে লাখপতি বাইদেউ হোৱাৰ দিশৰ পদক্ষেপত অৰিহণা ।।

Comments

Popular posts from this blog

আপোনাৰ সন্তানে যদি অধিক মোবাইল চায় তেন্তে ভালদৰে পঢ়ক

Business vs Job

সুখৱৰ ।। কেন্দ্ৰীয় বাজেট ২০২৫-২০২৬ ত বৃহৎ সকাহ ৩‌য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ

What is Mutual fund

What is Passive income (নিষ্ক্ৰিয় আয়) কি??.... জানিবলৈ পঢ়ক......

Passive income ideas

What is insurance

Small Cap মিউচুৱেল ফাণ্ডৰ বিষয়ে কিছু জানো আহক

Post office National Savings Recurring Deposit Account(RD)

যান বাহন চলাওতে আপোনাৰ চালান কাটিছিল নেকি? যদি আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনত চালান লাগি আছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ