আহি আছে নতুন দৰমহা আয়োগ, অষ্টম দৰমহা আয়োগ

 


              !!  অষ্টম দৰমহা আয়োগ  !!

   !! চৰকাৰী কৰ্মচাৰীৰ বাবে এক ভাল খবৰ!! 

        !! আহি আছে নতুন দৰমহা আয়োগ !!


           শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে, যাৰ ফলত ৪৯ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। বিশেষজ্ঞ সকলৰ মতে ফিটমেণ্ট ফেক্টৰ ২.৮৬ লৈ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত কৰ্মচাৰীৰ দৰমহা ১০%ৰ পৰা ৩০% বৃদ্ধি কৰাটো সম্ভৱ হৈ উঠিব। উদাহৰণস্বৰূপে, যদি কোনো কৰ্মচাৰীৰ বৰ্তমানৰ দৰমহা ১,০০,০০০  হয়, তেন্তে বৃদ্ধিৰ পিছত ই ১,৩০,০০০  হ’ব পাৰে !




ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ ফলত বিভিন্ন স্তৰৰ কৰ্মচাৰীৰ দৰমহাও বৃদ্ধি পাব। লেভেল-১ৰ কৰ্মচাৰীৰ বৰ্তমানৰ নূন্যতম দৰমহা ১৮,০০০ টকা ৰ পৰা ৫১,৪৮০ লৈ বৃদ্ধি পাব পাৰে, আনহাতে লেভেল-২ৰ কৰ্মচাৰীৰ দৰমহা ১৯,৯০০ ৰ পৰা ৫৬,৯১৪ লৈ বৃদ্ধি পাব পাৰে। একেদৰে লেভেল-৩ কৰ্মচাৰীৰ দৰমহা ২১,৭০০ ৰ পৰা ৬২,০৬২ লৈ বৃদ্ধি পাব পাৰে। এই বৃদ্ধিয়ে সকলো স্তৰৰ কৰ্মচাৰীৰ বাবে আৰ্থিকভাৱে লাভজনক হ’ব।





২০২৬ চনৰ জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে। যদি কিবা কাৰণত সময়মতে কাৰ্যকৰী নহয় তেন্তে ১ জানুৱাৰীৰ পৰা চৰকাৰে বৃদ্ধি কৰা দৰমহা আৰু পেঞ্চনৰ বকেয়াও প্ৰদান কৰিব। এই সিদ্ধান্তই কৰ্মচাৰীসকলৰ আৰ্থিক অৱস্থা উন্নত কৰাই নহয় তেওঁলোকৰ জীৱনশৈলীতো ইতিবাচক পৰিৱৰ্তন আনিব।




       যদিহে একো অসুবিধা নহয় তেন্তে সকলো চৰকাৰী কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব।। অৱশ্যে ৰাজ্যত কিমান ফিটমেণ্ট ফেক্টৰ হ'ব সেইটো ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব।।

Comments

Popular posts from this blog

আপোনাৰ সন্তানে যদি অধিক মোবাইল চায় তেন্তে ভালদৰে পঢ়ক

Business vs Job

সুখৱৰ ।। কেন্দ্ৰীয় বাজেট ২০২৫-২০২৬ ত বৃহৎ সকাহ ৩‌য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ

What is Mutual fund

What is Passive income (নিষ্ক্ৰিয় আয়) কি??.... জানিবলৈ পঢ়ক......

Passive income ideas

What is insurance

Small Cap মিউচুৱেল ফাণ্ডৰ বিষয়ে কিছু জানো আহক

Post office National Savings Recurring Deposit Account(RD)

যান বাহন চলাওতে আপোনাৰ চালান কাটিছিল নেকি? যদি আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনত চালান লাগি আছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ